হেডছাৰ বানান পৰীক্ষক
Instantly correct Assamese spelling mistakes and ensure your writing is perfect. Type or paste your text below to get started.
সীমাবদ্ধতা আৰু পৰামৰ্শ
এইটো পূৰ্ণাংগ অভিধানযুক্ত এপ নহয়, ইয়াত টাইপ কৰোঁতে সচৰাচৰ ভুল হোৱা প্ৰায় পাঁচ হাজাৰ শব্দ যোগ কৰা হৈছে (আৰু কৰি থকা হৈছে), গতিকে ডেটাবেছত থকা সেই শব্দবোৰৰহে ভুল ৰূপটো ই শুদ্ধ কৰিব। ব্যৱহাৰ কৰোঁতে শুদ্ধ নকৰা শব্দ পালে, আমাক জনালে সেই শব্দ যোগ কৰা হ’ব। কোনো ক্ষেত্ৰত এই এপে শুদ্ধ শব্দও ভুল কৰি দেখুৱাব পাৰে, তেনে শব্দ পালে আমাক জনালে সেই আসোঁৱাহ দূৰ কৰা হ’ব।
যোগাযোগ কৰকএকাধিক শুদ্ধ ৰূপ
অসমীয়াত কিছুমান শব্দ বা আখৰ-জোঁটনিৰ একাধিক শুদ্ধ ৰূপ আছে [যেনে— আদৰণি (বিশেষ্য), আদৰণী (বিশেষণ)]। বেলেগ বেলেগ প্ৰসংগত সেই ৰূপবোৰৰ বৈধতা নিৰ্ণয় কৰিব পৰাকৈ এই এপ বৰ্তমান সক্ষম নহয় (অদূৰ ভৱিষ্যতে উন্নত প্ৰযুক্তি/ কৃত্ৰিম বুদ্ধিমত্তাৰ সহযোগত সেই সক্ষমতা লাভ কৰিব পৰা যাব বুলি আশা কৰা হৈছে)। সেয়েহে তেনে শব্দবোৰৰ বৈধতা আপুনি নিজাকৈ নিৰ্ণয় কৰিব লাগিব।